GU OTB Exam New Update 2021 | Go and Read

GU OTB Exam New Update
GU OTB Exam New Update

GU OTB Exam New Update | Go and Read

Due to the 2nd Wave of COVID-19 in Assam, Gauhati University has decided to conduct all the Undergraduate examinations through OTB Exam (Open Text Book Examination) in the online mode. Gauhati University Updated Guidelines for UG Examinations. 
For other Information about Gauhati University Open Text Book Examination (GU OTB Exam New Update), visit jobisyour.com frequently.

Important  Information of GU OTB  Exam new update (লাগতীয়াল তথ্য)

অনলাইন (Online) মাধ্যমেৰে হব লগা এই OTB(Open Text Book) পৰীক্ষাৰ আগতীয়া অনুশীলন পৰীক্ষা  Gauhati University য়ে  BSc & BCOM (all 5th Semester) ৰ ছাত্ৰ – ছাত্ৰীৰ বাবে 18 জুন, 2021 ইং তাৰিখ আৰু BA (all 5th Semester) ৰ ছাত্ৰ – ছাত্ৰীৰ বাবে 19 জুন, 2021 ইং তাৰিখে মুকলি কৰি দিব।

GU OTB EXAM & Mock Test PROCESS (পৰীক্ষা প্ৰক্ৰিয়া)এই Open Text Book Examination (OTBE) সন্দৰ্ভত এজন শিক্ষাৰ্থীয়ে মানিবলগীয়া নিয়মখিনি হৈছে –

– সকলো ছাত্ৰ – ছাত্ৰীয়ে নিজৰ নিজৰ Mobile Number বিশ্ববিদ্যালয়ৰ IUMS Portal ৰ জৰীয়তে অন্তৰ্ভুক্ত কৰিব লাগিব।

– যদি কােনা পৰীক্ষাৰ্থীয়ে নিজৰ মোবাইল নম্বৰ আপডেট্ কৰিব পৰা নাই (মনত নাই), তেন্তে তেওঁ  IUMS পােৰ্টেলৰ পৰা নিজৰ নম্বৰটো পঞ্জীয়ন তথ্যৰ বিৱৰণৰ পৰা জানিব পাৰিব৷

– ছাত্ৰ – ছাত্ৰী সকলে পৰীক্ষাৰ দিনা পৰীক্ষাৰ Website ত নিজৰ নিজৰ Registration No, Registered Mobile No আৰু Date of Birth ৰ যোগেদি  login কৰিব লাগিব।

এইখিনিতে এটা কথা মনকৰিবলগীয়া কথা যে, ইতিমধ্য পঞ্জীয়ন কৰা মোবাইল নম্বৰটো পৰীক্ষাৰ্থীসকলে IUMS পােৰ্টেলৰ থকা পঞ্জীয়ন তথ্যৰ বিৱৰণৰ পৰা জানিব পাৰিব৷ এই মোবাইল নম্বৰটো পৰীক্ষাৰ্থীৰ নহ’লেও নাইবা  বিকল হৈ থাকিলেও, পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ ওৱেব্ চাইটত( Web-Site) এই নম্বৰটোৱেই ব্যৱহাৰ কৰিব পাৰিব/লাগিব৷ এই মোবাইল নম্বৰটোত কােনো ধৰণৰ OTP নাযায়, ইয়াক মাত্ৰ লগ্-ইন্ (Login) ৰ কাৰণেহে ব্যৱহাৰ কৰা হ’ব৷

পঢ়ক – GU Open Text Book Exam Process

OTB Exam 2021 ৰ প্ৰশ্নকাকত-

এই OTB Exam -2021ৰ প্ৰশ্নকাকতৰ নম্বৰ (marks) কােনা বিষয়ৰ কাৰণে 56 হ’ব আৰু কােনা বিষয়ৰ কাৰণে 50 ত কৈ কম হ’ব ৷ কিন্ত্ু, পৰীক্ষাৰ্থীসকলে এইটো মন কৰা উচিত যে, OTB Exam -2021ৰ প্ৰশ্নকাকতখনত সম্পূৰ্ণ পাঠ্যতালিকাৰ প্ৰশ্ন থাকিব৷ এই OTB পৰীক্ষাকাকতখনত থকা প্ৰশ্নবোৰ সাধাৰণতে হোৱা পৰীক্ষাৰ প্ৰশ্নৰ দৰেই  হব যাৰ উত্তৰ লিখিবলৈ পৰীক্ষাৰ্থী এজনৰ বিষয়টোৰ ওপৰত যথোপযুক্ত জ্ঞানৰ আৱশ্যক৷

গুৰুত্বপূৰ্ণ নিৰ্দেশিকা (Important Instraction for GU OTB Exam)-

1. পৰীক্ষাৰ্থীসকলে নিজৰ নিজৰ SmartPhone অথবা Computer ত PDF বনাবলৈ উপযুক্ত এপচ্ (apps) উপলব্ধ ৰাখে যেন।

2. পৰীক্ষাৰ্থীসকলে নিজৰ নিজৰ উত্তৰ বহীৰ ফটো লৈ তাক আকৌ স্কেন(Scan) নকৰে যেন৷ কিয়নো এনে কৰিলে ফাইলৰ আকাৰ নিৰ্ধাৰিত কৰি দিয়া 5.0 MB ত কৈ বেছি হ’ব পাৰে৷ সেয়েহে ইয়াৰ বিপৰীতে পৰীক্ষাৰ্থীসকলে উত্তৰ বহী লিখা পৃষ্ঠাবোৰক পোনপতিয়াকৈ এপ্ (App) যােগে স্কেন(Scan) কৰে যেন৷

3. Answer Sheet স্কেন্ (Scan) কৰোঁতে সদায়েই Page খন কলা-বগা কৈ (Black & White) Scan কৰা উচিত, কাৰণ ৰঙীন Scan ৰ আকাৰ নিশ্চয়কৈ বেছি হয়৷

4. উত্তৰ বহী আপলোড্ (Upload) কৰিবলৈ তৈয়াৰ কৰা ফাইলৰ নাম সৰল আকাৰৰ মাত্ৰ ইংৰাজী বৰ্ণমালাৰ আখৰ হোৱা উচিত যেনে- paper.pdf বা paper05.pdf ইত্যাদি
5. ফাইলটোৰ নামত কােনো ধৰণৰ খালী ঠাই (space) নাইবা তলত দিয়া বিশেষ চিত্ৰকেইটা থাকিব নোৱাৰিব৷
~ ` @ # $ % ^ & * ( ) – + = { } [ ] | \ : ; “ ‘ < > , ? /

পঢ়ক – How to make small size pdf for GU OTB Exam

উত্তৰ বহী আপলোড্ (Upload) সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ জাননী-

যদি কােনো পৰীক্ষাৰ্থীয়ে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত উত্তৰ বহী আপলোড্ (Upload) কৰিবলৈ পৰা নাই, তেন্তে পৰীক্ষাৰ্থীয়ে  সময় শেষ হোৱাৰ পাছতো অতিৰিক্ত 30 মিনিটলৈকে উত্তৰ বহী আপলোড্ কৰিব পাৰিব৷

2. যদি কােনো পৰীক্ষাৰ্থীয়ে অতিৰিক্ত সময়তটো আপলোড্ কৰিবলৈ সমৰ্থ নহয়, তেন্তে পৰীক্ষাৰ্থীজনক সেই পৰীক্ষাত অনুপস্থিত বুলি গণ্য কৰা হ’ব৷

3. কােনো  পৰীক্ষাৰ্থীয়ে যদি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত উত্তৰ বহী আপলোড্ কৰিবলৈ চেষ্টা নকৰে, তেন্তে পৰীক্ষাৰ্থীৰ কাৰণে আপলোড্সৰ সময়সীমা শেষ হৈ যাব।

উত্তৰ বহী আপলোড্ (Upload) কৰিব নোৱাৰাৰ কিছু কাৰণ-

 1. ওৱেব্  ব্ৰাউজাৰ (Web Browser) টো পুৰণা ৷
সমিধান – ওৱেব্  ব্ৰাউজাৰটো Update কৰক ৷

2. এটা Computer বা এটা Mobile ত এটাতকৈ অধিক ওৱেব্  ব্ৰাউজাৰ (Web Browser) খোলখাই আছে আৰু একাধিক লগ্- ইন্ session (কেইবাটাও Page) সক্ৰিয় হৈ আছে৷
সমিধান – সকলো ব্ৰাউজাৰসমূহ বন্ধ কৰি এটা মাত্ৰ ব্ৰাউজাৰ খোলক, লগ্-ইন্ কৰক, আৰু আপেলাড্ কৰিবলৈ চেষ্টা কৰক৷

নতুনকৈ সন্নিবিষ্ট কৰা অতিৰিক্ত উপদেশাত্মক জাননী –

■যদিও অত্যাৱশ্যকীয় নহয়, পৰীক্ষাৰ পোৰ্টেল Google  Chrome  ব্ৰাউজাৰৰ সহায়ত ব্যৱহাৰ কৰাটো বাঞ্চনীয়৷

■পৰীক্ষাৰ পোৰ্টেলৰ কাৰণে, ওৱেব ব্ৰাউজাৰটোৰ ‘POP UP’ ক সন্মতি প্ৰদান কৰি থোৱাটো বাঞ্চনীয়৷ পৰীক্ষাৰ্থীসকেল নিজৰ নিজৰ ব্ৰাউজাৰৰ কাৰণে কেনেকৈ প’প-আপক সন্মতি প্ৰদান কৰিব পাৰে, তাৰ কাৰণে ইন্টাৰেনটত(YOUTUBE) চাব পাৰে৷

■আপলোড বা ডাউনলোড কৰোতে যদি পৰীক্ষাৰ্থীসকলে অসুবিধাৰ সন্মুখীন হয়, তেন্তে তেঁওলোকে ব্ৰাউজাৰটোক ব্যক্তিগত (Private)  বা পৰিচয়বিহীন (incognito) ভাৱে খুলি চেষ্টা কৰিব পাৰে৷

■পৰীক্ষাৰ সময়ছোৱাত পৰীক্ষা পোৰ্টেলটো খুলি নাৰাখে যেন। এইটো বাঞ্চনীয় যে, এজন পৰীক্ষাৰ্থীয়ে পৰীক্ষাৰ আৰম্ভণিতে প্ৰশ্নকাকত ডাউনলোড কৰাৰ পাছত যাতে পৰীক্ষাৰ পোৰ্টেলৰ পৰা লগ্-আউট্ কৰে আৰু উত্তৰবহী তৈয়াৰ কৰাৰ পাছত, নিৰ্দ্দিষ্ট সময়ৰ ভিতৰত পুনৰবাৰ আপলোড্ কৰিবলৈহে লগ্-ইন্ কৰে৷

মহাবিদ্যালয়ৰ স্তৰত পাব পৰা সহায়তা-

1. প্ৰত্যেকখন মহাবিদ্যালয়ে, নিজৰ পৰীক্ষাৰ্থীসকলৰ কাৰণে এটা হেল্প্-লাইন্ নম্বৰ মুকলি কৰিব, যিটোত পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ সময়ত কাৰিকৰী সহায়তাৰ কাৰণে যোগাযোগ কৰিব পাৰিব৷

2. যদি কোনো কাৰণবশতঃ পৰীক্ষাৰ্থীয়ে উত্তৰবহী নিৰ্ধাৰিত 1 ঘন্টাৰ ভিতৰত আৰু অতিৰিক্ত 30 মিনিটৰ ভিতৰতো আপলোড্ কৰিব নোৱাৰে, তেন্তে তেঁও মহাবিদ্যালয়ে মুকলি কৰা হেল্প্-লাইন্ নম্বৰত যোগাযোগ কৰিব আৰু তেঁওক ই-মেইলৰ যোগেদি উত্তৰবহী জমা কৰিবলৈ দিয়াৰ কাৰণে অনুমতি দিয়া যাব পাৰে, যদিহে পৰীক্ষাৰ্থীজনে আপলোড্ কৰিব নোৱাৰাৰ উপযুক্ত প্ৰমাণ দেখুৱাব পাৰে৷

3. এই ই-মেইলটো প্ৰতিখন মহাবিদ্যালয়ৰ কাৰণে বেলেগ বেলেগ হ’ব আৰু মাত্ৰ সেই মহাবিদ্যালয়ৰ পৰীক্ষাৰ্থীৰ কাৰণেহে প্ৰযোজ্য হ’ব৷ মহাবিদ্যালয়ৰ এই উক্ত মেইলটো পাবৰ কাৰণে পৰীক্ষাৰ্থীসকলে নিজৰ নিজৰ মহাবিদ্যালয়ৰ লগত যোগাযোগ কৰিব পাৰে৷ (যিটো মেইলত পৰীক্ষাৰ্থীজনে FILE ৰ সৈতে আপলোড্ কৰিব নোৱাৰাৰ প্ৰমাণ পঠাব।)

 

অসফলতাৰ প্ৰমাণ

1. যদি কোনো পৰীক্ষাৰ্থীয়ে প্ৰকৃত কাৰণবশতঃ উত্তৰবহী আপলোড্ কৰিব নোৱাৰে, তেঁওক উত্তৰবহী ওপৰত উল্লেখ কৰা ই-মেইলৰ যোগেদি জমা কৰিবলৈ অনুমতি দিয়া হ’ব পাৰে। এনেকুৱা ই-মেইলত উত্তৰবহীৰ লগতে আপলোড্ কৰিব নোৱাৰাৰ অসফলতাৰ প্ৰমাণ থাকিব লাগিব, য’ত পৰীক্ষাৰ্থীজনে যে নিৰ্ধাৰিত সময় আৰু অতিৰিক্ত সময়ৰ ভিতৰত আপলোড্ কৰিবলৈ চেষ্টা কৰিছিল, তাৰ প্ৰমাণ থাকে৷

2. এনেকুৱা অসফলতাৰ প্ৰমাণত, পৰীক্ষাৰ্থীজনে আপলোড্ কৰিবলৈ চেষ্টা কৰাৰ পৰীক্ষাৰ পোৰ্টেলৰ স্ক্ৰীণৰ প্ৰতিলিপি (screenshot) থাকিব পাৰিব য’ত আপলোড্ কৰিবলৈ চেষ্টা কৰাৰ সময় লিপিবদ্ধ হৈ থাকিব লাগিব আৰু লগতে আপলোড্ হোৱা নাই সেই বাৰ্তাৰ প্ৰতিলিপিও থাকিব লাগিব৷

 

বিঃ দ্ৰঃ – উপৰোক্ত আটাইবোৰ তথ্য় গুৱাহাটী বিশ্ববিদ্য়ালয়ে দিয়া জাননী অনুসৰি সহজ ভাষাত ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে প্ৰকাশ কৰা হৈছে।

N. B – All the Above information is collected from Gauhati University Official Guidelines. If anyone wants to see the official guidelines of the GU OTB Exam new update, click  below the link :

GU OTB Exam New Update ডাউনলোড কৰক

GU OTB Exam New Update (20 June) – ডাউনলোড কৰক

OTB পৰীক্ষাৰ Link – ইয়াত Click কৰক

Answer Sheet Sample – Download কৰক

BA/B.Sc 5th semester OTB Exam Routine – Download

B. Com 5th semester OTB Exam Routine- Download

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top