Best guide, How to Take care your Health After Covid Recovery

Covid Recovery Covid Recovery | How to Take Care of your Health –

কৰোনা ভাইৰাছৰ পৰা আৰোগ্য হোৱাৰ পিছত আপোনাৰ স্বাস্থ্য কেনেকৈ উন্নত কৰিব-

      After recovering from the COVID 19 infection, all people want to take back to their normal lives. Whereas some still aware of and follow all COVID protocols, some others suffer from depression. Remember that all the medicines you take, multivitamins, a healthy diet, and physical activity (exercise) are very important for recovery from covid 19.
(কোভিড ১৯ সংক্ৰমণৰ পৰা আৰোগ্য হোৱাৰ পিছত বেছিভাগ লোকে তেওঁলোকৰ স্বাভাৱিক জীৱনলৈ ঘূৰি আহিব বিচাৰে। যদিও কিছুমানে সাৱধান হৈ থাকে আৰু সকলো কোভিড প্ৰটোকল অনুসৰণ কৰে, কিছুমানে আকৌ হতাশাত ভুগে। মনত ৰাখিব যে আপুনি গ্ৰহণ কৰা সকলো ধৰণৰ ঔষধ, মাল্টিভিটামিন, স্বাস্থ্যকৰ আহাৰ আৰু শাৰীৰিক সক্ৰিয়তা (ব্যায়াম) কোভিড ১৯ ৰ পৰা আৰোগ্য হোৱাৰ বাবে অতি গুৰুত্বপূৰ্ণ। )

To fight with covid and prevent them from spreading to your lungs, your body naturally needs more energy and fluid, as it is very important to fuel yourself with nutritious food and exercise.
(কোভিডৰ সৈতে যুঁজিবলৈ আৰু সেইবোৰ আপোনাৰ হাঁওফাঁওলৈ বিয়পি পৰাত প্ৰতিহত কৰিবলৈ, আপোনাৰ শৰীৰক প্ৰাকৃতিকভাৱে অধিক শক্তি আৰু তৰলৰ প্ৰয়োজন, কিয়নো পুষ্টিকৰ খাদ্য আৰু ব্যায়ামৰ দ্বাৰা নিজকে ইন্ধন যোগোৱাটো অতি গুৰুত্বপূৰ্ণ। )

You need to include a nutrient and supplement-rich meal to assist and speed up the covid recovery. Coronavirus causes a lot of stress in your body and the medicine can weaken your body. Few patients full-fledged weight loss or weight gain.
Your food ought to contain organic products, vegetables, eggs, milk, and safe poultry to catch up on the lost appetite. you must have food that’s cooked and simple to digest. A diet high in calcium, vitamins, zinc, and protein is what the doctors have been saying.
(কোভিডৰ পৰা আৰোগ্য হোৱাত সহায় কৰিবলৈ আপোনাৰ পুষ্টি আৰু পৰিপূৰক সমৃদ্ধ আহাৰ প্ৰণালী থাকিব লাগিব। কৰোনাভাইৰাছে শৰীৰত বহুতো চাপৰ সৃষ্টি কৰে আৰু ঔষধবোৰে আপোনাৰ শৰীৰক দুৰ্বল কৰিব পাৰে। লগতে, কিছুমান ৰোগীৰ ওজন হ্ৰাস আৰু বৃদ্ধিওঁ হয়। আপোনাৰ খাদ্যত জৈৱিক সামগ্ৰী, পাচলি, কণী, গাখীৰ, ইত্যাদিৰ লগতে উচ্চ পৰিমাণৰ কেলচিয়াম, ভিটামিন, জিংক আৰু প্ৰ’টিনযুক্ত সন্তুলিত আহাৰ থকা উচিত বুলি চিকিৎসকসকলে কৈ আহিছে।

Get an appointment for your Vaccine- Cowin.gov.in

INCREASE YOUR CALORIES INTAKE
(আপোনাৰ কেলৰি গ্ৰহণ বৃদ্ধি কৰক)-

INCREASE YOUR CALORIES INTAKE

আপোনাৰ শৰীৰে ভাইৰাছৰ সৈতে যুঁজ দি থাকোঁতে যথেষ্ট শক্তি ব্যৱহাৰ কৰে, যি আপোনাক ভাগৰুৱা অনুভৱ কৰায়। সেয়ে আপোনাৰ স্বাস্থ্য আগৰ অৱস্থালৈ ঘূৰি যাবলৈ এই সময়ত আপোনাৰ আহাৰত কেলৰি-ঘন খাদ্য যোগ দিয়া প্ৰয়োজন। Oats, Cheese, Red Meat, Oily Fish, Nuts, বাদাম, মিঠা আলুৰ দৰে শ্বেতসাৰযুক্ত পাচলি আৰু খাদ্যশস্য অন্তৰ্ভুক্ত কৰিলে কেলৰি গ্ৰহণ বৃদ্ধি কৰাত আৰু আপোনাক শক্তি প্ৰদান কৰাত সহায় কৰে। খাদ্য সদায় লাহে লাহে খাব লাগে, আৰু চোবাওঁতে গভীৰ উশাহ ল’ব লাগে। খাদ্য সদায় বহি খাব আৰু চোবাবলৈ সহজ খাদ্য বাছনি কৰিব।

PROTEINS
(প্ৰ’টিন)-

প্ৰ’টিন হৈছে জীৱনৰ নিৰ্মাণ খণ্ড। দ্ৰুত আৰোগ্যৰ বাবে আমাৰ শৰীৰত ই অতি প্ৰয়োজনীয়। যেতিয়া আপুনি কোভিড ১৯ ত ভুগি থাকে, তেতিয়া উচ্চ প্ৰ’টিন আহাৰ খোৱাৰ বাবে পৰামৰ্শ দিয়া হয়। ইয়ে আৰোগ্য হোৱাৰ সময়ত আমাৰ শৰীৰৰ কোষকলাবোৰ মেৰামতি কৰাত সহায় কৰে আৰু সংক্ৰমণৰ বিৰুদ্ধে যুঁজি থকা আমাৰ অত্যাধিক পৰিশ্ৰমী ৰোগ প্ৰতিৰোধ প্ৰণালীকো সমৰ্থন কৰে। যদি আপুনি দুৰ্বল অনুভৱ কৰ, শ্বাসকষ্ট অনুভৱ কৰে, তেন্তে পেশীৰ ক্ষয় প্ৰতিহত কৰিবলৈ আৰু শ্বাস-প্ৰশ্বাসৰ পেশীৰ শক্তি বৃদ্ধি কৰিবলৈ আপুনি আহাৰত প্ৰ’টিনৰ পৰিমাণ বৃদ্ধি কৰক। প্ৰতিদিনে 75-100 গ্ৰাম প্ৰ’টিন গ্ৰহণ কৰাটো অত্যাৱশ্যকীয়। সেয়েহে খাদ্যত যেনে- দাইল, মাহজাতীয় শস্য, গাখীৰজাতীয় সামগ্ৰী, চয়াবিন, বাদাম, বীজ, মাংস, মাছ, কণী ইত্যাদি যোগ কৰক।

VITAMINS AND MINERALS
(ভিটামিন আৰু খনিজ)-

সতেজ ফল আৰু পাচলিত ৰোগ প্ৰতিৰোধ বৃদ্ধি, এণ্টিঅক্সিডেণ্ট, ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। দ্ৰুত আৰোগ্য আৰু আপোনাৰ ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰাৰ বাবে আপুনি এইবোৰ আপোনাৰ আহাৰত যোগ দিয়া উচিত। দিনত 5 ভাগ ফল আৰু পাচলি যোগ দিয়াটো নিশ্চিত কৰিব। নেমু জাতীয় ফলবোৰ গ্ৰহণ কৰক, যিয়ে ভিটামিন-C ৰ পৰিমান বৃদ্ধি কৰে, এণ্টিবডী গঠনত সহায় কৰে আৰু সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়ে। আনহাতে সেউজীয়া আৰু শিপা পাচলিয়ে ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰাত সহায় কৰে। পৰ্যাপ্ত পৰিমাণৰ ভিটামিন-D পাবলৈ কিছু সময় বাহিৰত কটাওক।

FLUIDS
(তৰল)-

পানী জীৱনৰ বাবে এক অত্যাৱশ্যকীয় উপাদান। কিয়নো ই তেজত পুষ্টি বহন কৰে, শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে, আৰু শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ উলিয়াই দিয়ে। প্ৰতিদিনে 2.5-3 লিটাৰ পানী খাবলৈ চেষ্টা কৰিব। আপুনি ফলৰ ৰস, নাৰিকল পানী, পাতল বাটাৰমিল্ক, আৰু নেমুপানী খাব পাৰে। লগতে চিকেন বা পাচলিৰ চুপ খাব চেষ্টা কৰিব পাৰে। আপুনি ভেষজ মিশ্ৰণ, নাৰিকল পানী, গাখীৰ আৰু সতেজ ৰসও খাব পাৰে। (পেক কৰা ৰস, কেফেইন, আৰু ফিজি পানীয় পৰিহাৰ কৰিব।)

Physical Exercises:

In case of Physical Exercises here are some of the physical activities you can do after Covid Recovery:
(শাৰীৰিক ব্যায়ামৰ ক্ষেত্ৰত Covid-19 Recovery ৰ পিছত আপুনি কৰিব পৰা কিছুমান শাৰীৰিক কাৰ্যকলাপ ইয়াত দিয়া হৈছে)

physical exercises

Covid Recovery হোৱাৰ লগে লগে ব্যায়াম কৰাটো অসুবিধাজনক হ’লেও আপুনি কেৱল আপোনাৰ হাত আৰু ভৰি লৰচৰ কৰি পাতল ব্যায়াম কৰিব পাৰে।

DEEP BREATHING
(গভীৰ উশাহ)-

উশাহ-নিশাহৰ ব্যায়ামে আপোনাৰ পুনৰুদ্ধাৰ পৰ্যায়ত আপোনাৰ ডায়েফ্ৰাম শক্তিশালী কৰিব আৰু আপোনাৰ তেজৰ প্ৰবাহত গুৰুত্বপূৰ্ণ অক্সিজেন আনিব। ই হাঁওফাঁওৰ ক্ষমতা বৃদ্ধি কৰিব পাৰে আৰু পৰৱৰ্তী সময়ত আপোনাৰ হাঁওফাঁও শক্তিশালী কৰিব পাৰে। গভীৰ উশাহ-নিশাহে আপোনাক শান্ত কৰি ৰাখিব, লগতে উদ্বেগ আৰু ভয়ৰ লক্ষণবোৰ হ্ৰাস কৰিব। আপুনি উশাহ-নিশাহৰ ব্যায়াম কৰিবলৈ শুব বা বহিব পাৰে।
[Diaphragmatic (ডায়েফ্ৰাগমেটিক) বা পেটৰ উশাহ লোৱা হৈছে হাঁওফাঁওৰ ক্ষমতা আৰু কাৰ্যক্ষমতা উন্নত কৰাত উপকাৰী বুলি পোৱা এক কৌশল।]

SLEEP
(টোপনি)-

Covid Recovery ৰ পিছৰ পৰ্যায়ত বহুলোকে ভালদৰে শুবলৈ চেষ্টা কৰে, কিছুমানে অতি সোনকালে সাৰ পায়। সেয়েহে, Covid Recovery হোৱাৰ পিছত দিনে প্ৰায় 8 ৰ পৰা 10 ঘণ্টা পৰ্যাপ্ত টোপনি ল’বলৈ চেষ্টা কৰক। কিয়নো যিমানে আপুনি শুব আপোনাৰ শৰীৰৰ পুনৰুদ্ধাৰ প্ৰক্ৰিয়াটো সিমানেই দ্ৰুত হব।

Conclusion:

সাধাৰণতে, এজন কোভিদ ৰোগী আৰোগ্য হ’বলৈ প্ৰায় 3 সপ্তাহ সময় লাগে কিন্তু এয়া আক্ৰমণৰ তীব্ৰতা আৰু ৰোগীৰ সামগ্ৰিক স্বাস্থ্য-অৱস্থা সাপেক্ষেহে। আপুনি এই ৰোগৰ পৰা আৰোগ্য হোৱাৰ পিছতো ধৈৰ্য্য ধৰিব লাগিব আৰু বহুত জিৰণি ল’ব লাগিব। কোভিডে হাঁওফাঁও, হৃদযন্ত্ৰ আৰু মগজুৰ ব্যাপক ক্ষতি কৰা দেখা যায়। সেয়েহে, আপুনি লাহে লাহে আপোনাৰ স্বাভাৱিক জীৱনলৈ ঘূৰি অহাৰ লগে লগে নিজৰ যত্ন লোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ। কিন্ত মাস্ক পিন্ধিবলৈ নাপাহৰিব, লগতে হাতৰ পৰিচ্ছন্নতা আৰু সামাজিক দূৰত্ব নিত্যান্তই মানি চলক।

By, Ankur Talukdar
Team Jobisyour…

Also Read- Covid Vaccine Registration in Assam 2021

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top